NPS (CALCULATION) গণনা ২০ বছৰৰ চাকৰিত কিমান
NPS (National Pension Scheme) ২০ বছৰৰ পিছত সম্ভাব্য জমা টকাৰ হিচাপ।
![]() |
| NPS CALCULATION |
এই পৰ্যালোচনাটো National Pension Scheme (NPS) ৰ অধীনত ২০ বছৰৰ পিছত সম্ভাব্য জমা টকাৰ এক আনুমানিক হিচাব। এয়া কোনো বিনিয়োগ পৰামৰ্শ নহয়, কেৱল এক অনুমানমূলক গাণিতিক প্ৰক্ষেপন।
১. মূল তথ্য:
যদি কোনো ব্যক্তি ₹21,400 Basic Pay লৈ চাকৰিত যোগদান কৰে, আৰু ২০ বছৰৰ পাছত তেওঁৰ Basic Pay ₹60,000 হয়, তেন্তে তলত দিয়া ধৰণে NPS-ত অৱদান হ,ব :
চাকৰিত যোগদানৰ সময়ত Basic Pay: ₹21,400
অৱসৰৰ সময়ত Basic Pay (আনুমানিক): ₹60,000
50% Dearness Allowance (DA) প্ৰাথমিক বেতনত ধৰি লোৱা হৈছে।
২. প্ৰথম মাহৰ NPS অৱদান:
Basic Pay: ₹21,400
50% Dearness Allowance (DA): ₹10,700
Total Salary: ₹32,100
NPS-ত কৰ্মচাৰীৰ অৱদান (10%): ₹3,210
নিয়োগকাৰীৰ অৱদান (14%): ₹4,494
মুঠ NPS অৱদান: ₹7,704
৩. ২০ বছৰৰ পিছত NPS অৱদান:
যদি কোনো ব্যক্তি ₹60,000 Basic Pay লৈ অৱসৰ গ্ৰহণ কৰে, আৰু 50% DA ধৰি লোৱা হয়, তেন্তে তেওঁৰ মুঠ বেতন ₹90,000 হব।
Basic Pay (আনুমানিক): ₹60,000
50% Dearness Allowance (DA): ₹30,000
Total Salary: ₹90,000
NPS-ত কৰ্মচাৰীৰ অৱদান (10%): ₹9,000
নিয়োগকাৰীৰ অৱদান (14%): ₹12,600
মুঠ NPS অৱদান: ₹21,600
৪. গড় NPS অৱদান:
যদি বছৰৰ গড় NPS অৱদান ₹14,650 ধৰি লওঁ, তেন্তে ২০ বছৰৰ পিছত মুঠ জমা ধনৰ হিচাব হব:
NPS কৰ্মচাৰীৰ অৱদান: ₹35,16,000
যদি বছৰি 8% হাৰত বৃদ্ধিপায়, তেন্তে ২০ বছৰৰ পিছত interest হ,ব : ₹56,25,600
মুঠ NPS ধন: ₹35,16,000 + ₹56,25,600 = ₹91,25,600
মুঠ মূলধন হ,ব =9125600 টকা
৫. NPS পৰিশোধ আৰু পেঞ্চন:
NPS নীতি অনুসৰি, 60% ধন একেলগে উলিয়াব পৰা যায়, আৰু বাকী 40% অংশ পেঞ্চন হিচাপে লগাই দিব লাগে।
60% Lump Sum Withdraw: ₹54,75,360
40% Annuity (পেঞ্চন বাবদ লগোৱা অংশ): ₹36,50,240
আনুমানিক মাহিলি পেঞ্চন 8% হাৰত : ₹24,334
৬. 60% Withdraw কৰা ধনৰ ব্যৱস্থাপনা:
যদি ₹54,75,360 ত বছৰি 10% ৰ বিনিয়োগ লাভ হয়, তেন্তে বছৰি ₹5,47,000 লাভ কৰিব পাৰিব।
৭. উপসংহাৰ:
এই হিচাপ অনুযায়ী, যদি কোনো ব্যক্তি ₹21,400 Basic Pay লৈ চাকৰিত যোগদান কৰে, আৰু ₹60,000 Basic Pay লৈ ২০ বছৰৰ পাছত অৱসৰ গ্ৰহণ কৰে, তেন্তে তেওঁ NPS ত আনুমানিক ₹91.25 লাখ পাব। তাৰপাছত, ₹54.75 লাখ একেলগে উঠাব পাৰিব, আৰু ₹24,334 মাহিলি পেঞ্চন পাব।
এয়া কেবল এখন সাধাৰণ গণনা, য'ত বিনিয়োগৰ হাৰ, DA বৃদ্ধিৰ হাৰ, আৰু আন আন উপাদানবোৰ বৰ্তমানৰ হাৰত গণনা কৰা হৈছে। বাস্তৱতে এই ধন কিছু কম বা বেছি হ’বও পাৰে।
এয়া এক আনুমানিক হিচাপ, কোনো ধৰণৰ recommendation নহয়।
অসমীয়া ভাষাত সম্পূৰ্ণ NPS হিচাপ
দিয়াৰ চেষ্টা কৰিছোঁ।


Comments
Post a Comment